বাইবেল অনুযায়ী স্বৰ্গৰ পথ (The Bible Way to Heaven)

Video

 

July 7, 2015

বাইবেলত মুক্তিৰ বিষয়টো একেবাৰে স্পষ্ট। আপোনাৰ সততাৰ ওপৰত সেয়া নিৰ্ভৰ নকৰে। বহুতৰে এই ধাৰণা যে তেওঁলোক সৎ আৰু সেয়ে তেওঁলোকে স্বৰ্গত স্থান পাব। কিন্তু বাইবেল অনুযায়ী “সকলোৱেই পাপ কৰিছে, সকলোৱেই ঈশ্বৰৰ গৌৰৱৰ পৰা বঞ্চিত” (ৰোমিয়, ৩:২৩)। বাইবেলত কোৱা হৈছে “যেনেকৈ লিখা হৈছে: কোনো ধাৰ্মিক নহয়, এজনো নহয় (ৰোমিয়, ৩:১০ )”। মই ধাৰ্মিক নহয়, আপুনি ধাৰ্মিক নহয়, আৰু সততাই যদি আমাক স্বৰ্গলৈ নিব পাৰে তেনেহ’লে আমাৰ কোনেও যাব নোৱাৰিব।

বাইবেল, প্ৰকাশিত বাক্য ২১:৮-ত কোৱা হৈছে, কিন্তু যিসকল ভীৰু, অবিশ্বাসী, ঘৃণিত, নৰঘাতক, যৌনক্ষেত্ৰত দুঃচৰিত্ৰ, মন্ত্ৰজালিক আৰু পৌত্তলিক (মূৰ্ত্তিপূজক), সিহঁতৰ আৰু সকলো মিছলিয়াৰ, সেই প্ৰদত্তখিনি যি জুই আৰু গন্ধকেৰে ভৰি থাকে – এয়া দ্বিতীয় মৃত্যু।

মই আগতে মিছা কৈছিলোঁ। সকলোৱে আগতে মিছা কৈছিল। ইয়াৰ অৰ্থ আমি সকলোৱে পাপ কৰিছো। আৰু আমি মিছা কোৱাতকৈও বেয়া কাম কৰিছো। আহক ইয়াৰ মুখামুখি হওঁ: আমাৰ সকলোৱেই নৰকৰ প্ৰ্ৰাপ্য।

কিন্তু বাইবেলত কোৱা হৈছে, কিন্তু ঈশ্বৰে তেওঁৰ ভালপোৱা প্ৰমাণ কৰিছে; কিয়নো আমি যেতিয়া পাপী আছিলো তেতিয়া যীশু আমাৰ বাবে মৰিল (ৰোমিয় ৫:৮)।

যীশুখ্ৰীষ্টই আমাক ভাল পায় কাৰণেই এই পৃথিৱীলৈ আহিছিল। বাইবেলৰ মতে তেওঁ আছিল দেহধাৰী ঈশ্বৰ। ঈশ্বৰে আচলতে মানুহৰূপে আহিছিল। তেওঁ পাপমুক্ত জীৱন কটাইছিল। তেওঁ কোনো পাপ কৰা নাই, আৰু সঁচাকৈয়ে সিহঁতে তেওঁক মাৰিছে আৰু থুৱাইছে, আৰু তেওঁক ক্ৰুছবিদ্ধ কৰিছে। বাইবেলত এয়াও কোৱা হৈছে যে যেতিয়া তেওঁক ক্ৰুছবিদ্ধ কৰা হয় তেতিয়া “তেওঁ নিজৰ দেহত আমাৰ সমস্ত পাপ লৈ ক্ৰুছৰ ওপৰত উঠি গ’ল(পিটাৰ, ২:২৪)”। ইয়াৰ অৰ্থ হ’ল যে পাপ আপুনি কৰিছে আৰু মই কৰিছোঁ – সেই সকলোবোৰেই যীশুৱে কৰিছে। আমাৰ পাপৰ শাস্তি তেওঁ পালে। সিহঁতে তেওঁৰ মৃত্যুৰ পিছত দেহটো নি মাটিত পুতি দিলে। তেতিয়া তেওঁৰ আত্মা তিনি দিন আৰু ৰাতিৰ বাবে নৰকলৈ গুচি গৈছিল (অক্তাম, ২:৩১)। তিনি দিন পিছত তেওঁ আকৌ জীৱিত হৈ উঠিল। তেওঁৰ নিজৰ শিষ্যসকলক তেওঁৰ হাতৰ ছিদ্ৰবোৰ দেখুৱালে। বাইবেলত এয়া স্পষ্টভাবে কোৱা হৈছে যে যীশুৱে সকলোৰে কাৰণে মৃত্যুবৰণ কৰিছিল। “কেৱল আমাৰ পাপৰ বাবেই নহয়, সমস্ত বিশ্বজগতৰ পাপৰ বাবে (জন: ২:২)”। কিন্তু আমাৰ মুক্তিৰ বাবে কিবাটো কৰিবই লাগিব। বাইবেলৰ অক্তাম ১৬-ত সেই প্ৰশ্ন আছে। পৰিত্ৰাণ পাবৰ বাবে আমি কি কৰিব লাগিব। “পৰিত্ৰাণ পাবৰ বাবে আমি কি কৰিব লাগিব? সিহঁতে ক’লে, “তুমি আৰু তোমাৰ পৰিয়ালৰ সকলোৱে প্ৰভু যীশুত বিশ্বাস কৰা, তেতিয়াহে পৰিত্ৰাণ পাবা”।

এয়াই সকলো। তেওঁ কেতিয়াও কোৱা নাই গীৰ্জালৈ যোৱা, তেতিয়াহে তুমি পৰিত্ৰাণ পাবা। বাপ্তিস্ম লোৱা, তেতিয়া পৰিত্ৰাণ পাবা। সৎভাবে জীৱন যাপন কৰা, তেতিয়াহে পৰিত্ৰাণ পাবা। নিজৰ পাপৰ বাবে অনুতাপ কৰা, তেতিয়াহে তুমি পৰিত্ৰাণ পাবা। নাই। তেওঁ কৈছিল “বিশ্বাস কৰা”।

এনেকি সমস্ত বাইবেলৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় স্তৱক যাৰ উল্লেখ “In and out burger”-ৰ কাপৰ তলৰ অংশত লিখা আছে। এয়া বৰকৈ জনপ্ৰিয়। সকলোৱে এই স্তৱক শুনিছে: জন: ৩:১৬- “কিয়নো ঈশ্বৰে পৃথিৱীক ইমানেই ভাল পাইছিল যে তেওঁৰ একমাত্ৰ পুত্ৰক দান কৰিছিল। তেওঁৰ প্ৰতি যিয়ে বিশ্বাস ৰাখে তেওঁৰ যেন বিনাশ নহয়, কিন্তু অনন্ত জীৱন পাব পাৰে।” আৰু অনন্ত মানে হ’ল অনন্ত। ইয়াৰ অৰ্থ হ’ল চিৰকালৰ দৰে। আৰু যীশুৱে কৈছে, “মই সিহঁতক অনন্ত জীৱন দান কৰোঁ, সিহঁতৰ কেতিয়াও বিনাশ নহয়। মোৰ হাতৰ পৰাও সিহঁতক কোনেও কাঢ়ি নিনিয়ে (জন, ১০:২৬)।” বাইবেল, জন ৬:৪৭-ত কোৱা হৈছে, “মই তোমালোকক সঁচাকৈ কৈছোঁ, যিয়েই বিশ্বাস কৰিছে তেওঁ অনন্ত জীৱন পাইছে।” সেয়ে যদি যেয়ে যদি আপুনি যীশুখ্ৰীষ্টত বিশ্বাস কৰে তেনেহ’লে বাইবেল অনুসৰি আপুনি অনন্ত জীৱন পাই গ’লে আপুনি চিৰকাল জীয়াই থাকিব। আপুনি আপোনাৰ মুক্তি নেহেৰুৱাব। এয়া চিৰন্তন, এয়া অনন্ত। এবাৰ আপোনাৰ পৰিত্ৰাণ হৈ গ’লে, এবাৰ আপোনাৰ বিশ্বাস হৈ গ’লে, যিয়েই নহওক কিয় আপোনাৰ পৰিত্ৰাণ ৰৈ নাযায়। যদি ময়ো বাঢ়ি যাওঁ আৰু কোনো পাপ কৰোঁ, তেনেহ’লে ঈশ্বৰে মোক এই পৃথিৱীতে শাস্তি দিব।

যদি মই কাৰোবাক হত্যা কৰোঁ, তেনেহ’লে ঈশ্বৰে এই কথা নিশ্চয় লক্ষ্য ৰাখিব যাতে ইয়াৰ বাবে মই শাস্তি পাওঁ। মই কাৰাবাস খাটোঁ আৰু ইয়াতকৈ বেছি মৃত্যুদণ্ড। যিহেতু এই সংসাৰে মোক শাস্তি দিছে আৰু ঈশ্বৰে ইয়াৰ প্ৰতি লক্ষ্য ৰাখে যাতে মই কঠোৰতকৈ কঠোৰতম শাস্তি পাওঁ। কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে মই নৰকলৈ গৈছোঁ। এনে একো নাই যাৰ বাবে মোক নৰকলৈ পঠিওৱা হ’ব। কাৰণ মোক বচোৱা হৈছে আৰু যদি মই নৰকলৈ যাওঁ তেনেহ’লে ইয়াৰ অৰ্থ হ’ল প্ৰভুৱে মিছা কৈ গৈছিল। কাৰণ তেওঁ কথা দিছিল যিয়ে তেওঁক বিশ্বাস কৰিব তেওঁ অনন্ত জীৱন পাব। আৰু তেওঁ কৈছিল “যিয়ে মোৰ প্ৰতি আস্থা আৰু বিশ্বাস ৰাখিব তেওঁ কেতিয়াও নমৰে।” ইয়াৰ বাবে বাইবেলত বহু মানুহৰ উদাহৰণ আছে যিয়ে বহুতো বেয়া কাম কৰিও স্বৰ্গলৈ গৈছে। কিদৰে? তেওঁলোক ভাল মানুহ আছিল বাবে? নহয়, কাৰণ তেওঁলোকে প্ৰভু যীশুক বিশ্বাস কৰে। তেওঁলোকৰ পাপ ক্ষমা কৰি দিয়া হৈছে। যিসকল লোকে সমাজৰ চকুত সৎ জীৱন যাপন কৰিছে অথবা তেওঁলোকে হয়তো সঁচাকৈয়ে ভালভাবে জীৱন কটাইছে, কিন্তু তেওঁলোকে যদি যীশুক বিশ্বাস নকৰে তেনেহ’লে তেওঁলোকক নৰকত পঠিওৱা হ’ব আৰু তেওঁলোকৰ পাপৰ শাস্তি দিয়া হ’ব।

আহক আমি এইদৰে ভাবি চাওঁ: এনে এটা কথা যিটো লৈ মই আশ্বস্ত থাকিব বিচাৰোঁ আৰু আজি ক’বলৈ বিচাৰোঁ সেইটো হ’ল যীশুৰ শিষ্যসকলে তেওঁক যি সুধিছিল, আৰু সেই প্ৰশ্নটো হ’ল “কেৱল মাত্ৰ কিছু মানুহকেই জানো বচাব পাৰি?” এইটো এটা বৰ ভাল প্ৰশ্ন নহয় জানো?

অধিকাংশ মানুহেই জানো বাচি গৈছে? নে কিছু মানুহকেই কেৱল বচোৱা হোৱা নাই। ইয়াত এনে কোনো আছেনে যিসকলে ভাবিছে যে অধিকাংশ মানুহে স্বৰ্গলৈ গৈছে – এই সংসাৰৰ বেছিভাগ স্বৰ্গলৈ গৈছে নে?উত্তৰ কি আছিল সেয়া কল্পনা কৰক। মথি ৭-ত তেওঁ কৈছে, সৰু দুৱাৰেৰেই প্ৰৱেশ কৰ, কিয়নো ডাঙৰ সেই দুৱাৰ আৰু সেই পথ যিয়ে সৰ্বনাশৰ ফালে লৈ যায়, আৰু বহুতেই তাৰে প্ৰৱেশ কৰে। কিন্তু সৰু সেই দুৱাৰ আৰু সংকীৰ্ণ সেই পথ যিয়ে জীৱনৰ ফালে লৈ যায় আৰু কম সংখ্যকে তাৰ সন্ধান পায় (মথি, ৭:১৩-

২৪)। আৰু তেওঁ কৈ থাকে, “যিয়ে মোক প্ৰভু বোলে তাৰ সকলোৱেই যে স্বৰ্গত প্ৰৱেশ কৰিব এনে নহয়; কিন্তু মোৰ স্বৰ্গত থকা পিতাৰ ইচ্ছা যিয়ে পালন কৰে তেওঁহে প্ৰৱেশ কৰিব। সেইদিনা বহুতেই মোক ক’ব, প্ৰভু প্ৰভু, তোমাৰ নামত জানো আমি ভৱিষ্যতবাণী দিয়া নাই? তোমাৰ নামত জানো দুষ্টক খেদা নাই? তোমাৰ নামত জানো বহু পৰাক্ৰম/কৰ্মসাধন কৰা নাই?”তেতিয়া মই সিহঁতক স্পষ্টভাবে ক’ম: মই তোমালোকক কেতিয়াও চিনি নাপাওঁ। হে জঘন্য কৰ্মৰ সাধক, মোৰ পৰা আঁতৰ হোৱা।”

প্ৰথম কথা হ’ল অধিকাংশই যীশুত বিশ্বাস কৰাটো দাবী নকৰে। এই শ্ৰেণীৰ অধিকাংশ লোকেই যীশুক বিশ্বাস কৰাৰ দাবী কৰে। কিন্তু এই জগতৰ বেছিভাগ লোকেই যীশুক বিশ্বাস নকৰে।

কিন্তু প্ৰভুৱে আমাক সতৰ্ক কৰি দিছে যে যিসকলে যীশুৰ প্ৰতি বিশ্বাস কৰাৰ দাবী কৰে, আৰু যিসকলে তেওঁক ঈশ্বৰ মানে বহু মানুহে তেওঁক ক’ব, “আমি সকলো মহৎ কাম কৰিছো। তেনেহ’লে আমি কিয় মুক্তি নাপালো?” তেওঁ তেতিয়া ক’ব, “মোৰ পৰা আঁতৰি যোৱা। মই তোমালোকক চিনি নাপাওঁ। কিয়নো মোক্ষ (মুক্তি)ৰ প্ৰাপ্ত কৰ্মৰ ফলত নহয়, আৰু যদি আপুনি আপোনাৰ কৰ্মৰ ওপৰত ভৰষা কৰে যে আপুনি পৰিত্ৰাণ পাব, আৰু যদি আপুনি এনেদৰে ভাবে যে, এটা সুন্দৰ জীৱন যাপনৰ বাবে মোৰ ভাব হয় যে আপুনি আজ্ঞাকাৰী হ’ব লাগিব, মোৰ ভাব হয় যে আপুনি গীৰ্জালৈ যাব লাগিব, মোৰ ভাব হয় যে আপুনি পাপ কৰা বন্ধ কৰিব লাগিব.........। যদি আপুনি মোৰ কামৰ ওপৰত বিশ্বাস ৰাখে যীশুৱে এদিন আপোনাক ক’ব, মোৰ পৰা আঁতৰি যোৱা। মই তোমাক কোনো দিনে চিনি নাপাওঁ।”

আপোনালোক সকলোৰে তেওঁ যি কৰিছে তাৰ ওপৰত আস্থা থকা উচিত। আপোনাৰ বিশ্বাস থকা উচিত যীশুৱে ক্ৰুছত থকা সময়ত যি কৰিছে তেওঁ আপোনাৰ বাবে মৰিছে, মাটিত পুতি দিয়া হৈছে আৰু পুনৰ জীৱিত হৈ উঠে। সেইবোৰ হ’ল আপোনাৰ স্বৰ্গলৈ যোৱাৰ একমাত্ৰ টিকট। যদি আপুনি আন বস্তুৰ ওপৰত বিশ্বাস ৰাখে, আৰু আপুনি কয় যে মই সঁচাকৈয়ে স্বৰ্গলৈ গৈছোঁ কাৰণ মই সম্পূৰ্ণ খ্ৰীষ্টান, আৰু মই এইবোৰ ভাল কাম কৰিছোঁ।

তেনেহলে তেওঁ আপোনাক ক’ব, “মোৰ পৰা আঁতৰি যোৱা। মই তোমাক চিনি নাপাওঁ।” তেওঁ এইটো কোৱা নাই যে “মই তোমাক জানিছিলোঁ।” এবাৰ তেওঁ আপোনাক চিনি পালে.....। মনত কৰক এয়া মই আগতেও কৈছোঁ: এয়া অনন্ত, এয়া চিৰন্তন। এবাৰ যদি তেওঁ আপোনাক চিনি পাব পাৰে তেনেহ’লে আপুনিপৰিত্ৰাণ পাব। তেওঁ ক’বলৈ বিচাৰিছে যে “মোৰ পৰা আঁতৰি যোৱা। মই তোমাক কেতিয়াও চিনি নাপাওঁ।” কাৰণ তোমাৰ নৰকলৈ যোৱাৰ কাৰণ হ’ল তেওঁ তোমাক কেতিয়াও চিনি পোৱা নাছিল। কাৰণ যেতিয়া তেওঁ আপোনাক জানি যাব তেওঁ তেতিয়া চিৰকালৰ বাবে আমাৰ সন্তানেই হৈ ৰয়। এনে হ’ব পাৰে যে আপুনি আপোনাৰ পৰিয়ালৰ আটাইতকৈ তলৰ স্তৰৰ মানুহ। আপুনি এই পৃথিৱীৰ এনে ব্যক্তি হ’ব যাক ঈশ্বৰৰ পৰা আটাইতকৈ বেছি শৃঙ্খলাবদ্ধ কৰি ৰখা হয়। আপুনি ইয়াত আপোনাৰ জীৱনৰ ক্ষতি কৰিব পাৰে। কিন্তু মোক্ষ (মুক্তি) প্ৰাপ্তিৰ ক্ষেত্ৰত নহয়। এবাৰ আপোনাক পৰিত্ৰাণ কৰা হৈ গ’লে সেয়া নিশ্চিত হৈ গ’ল। এয়াই হ’ল

আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়, যি অন্তিম সময়ৰ লগত যুক্ত, যিটো মই আপোনালোকৰ আগত তুলি ধৰিবলৈ বিচাৰিছিলোঁ, আমাৰ ওচৰত মোক্ষ (মুক্তি) প্ৰাপ্তি বা অন্তিম সময়ৰ সম্পৰ্কে প্ৰশ্ন কৰাৰ বাবে মাত্ৰ কেইমিনিটমান সময় আছে।

বাইবেল অনুযায়ী স্বৰ্গৰ পথ

1. স্বীকাৰ কৰক যে আপুনি এজন পাপী।
2. আৰু এই পাপৰ শাস্তিৰ সম্বন্ধে জানক।
3. বিশ্বাস কৰক যে যীশু মৰিছিল, তেওঁক মাটিত পুতি দিয়া হৈছিল, আৰু তেওঁ পুনৰ আপোনাৰ বাবে জীৱিত হৈ উঠিছিল।
4. বিশ্বাস কৰক যে একমাত্ৰ যীশুৱেই আপোনাৰ ৰক্ষক।

প্ৰিয় যীশু পিতা, মই জানো যে মই এজন পাপী। মই জানো নৰকেই মোৰ ঠাই। কিন্তু মই বিশ্বাস কৰোঁ যে আপুনি আমাৰ বাবে ক্ৰুছবিদ্ধ হৈছিল, তাৰপিছত পুনৰ জীৱিত হৈ উঠিছিল। মোক এই মুহুৰ্তত ক্ষমা কৰি দিয়ক, আৰু অনন্ত জীৱন দান কৰক। হে পিতা, মই কেৱল আপোনাকে বিশ্বাস কৰোঁ। আমিন।

 

 

 

mouseover