"জিঅনলৈ যাত্রা" - movie trailer in Assamese

Video

April 17, 2015

4000 বছৰৰ পূৰ্বে ঈশ্বৰে মচোপেটেমিয়াত আব্ৰাহামক দেখা দি ক’লে, “তুমি তোমাৰ দেশ, তোমাৰ আত্মীয় পৰিজন আৰু তোমাৰ পিতাৰ ঘৰ পৰিত্যাগ কৰা আৰু মই দেখুৱা দেশৰ পিনে গতি কৰা৷ মই তোমাক লৈ এখন মহান দেশৰ নিৰ্মাণ কৰিম৷" আব্ৰাহামে ঈশ্বৰৰ আজ্ঞা পালন কৰি, কানান প্ৰদেশলৈ গতি কৰে৷ আৰু ইয়াত তেঁওৰ নিজৰ পুত্ৰ ইচাক, তেঁওৰ নাতি জেকবৰ সৈতে বাস কৰিবলৈ লয় আৰু যি পিছত ইজৰাইল নামেৰে পৰিচিত হয়৷

কানান প্ৰদেশত দেখা দিয়া দূৰ্ভিক্ষৰ বাবে ইজৰাইল আৰু তেঁওৰ 12 জন সন্তান ইজিপ্তলৈ গুচি গৈছিল আৰু তাত তেঁওলোকে সংখ্যা বৃদ্ধিৰে এক শক্তিশালী জাতি ৰূপে আত্মপ্ৰকাশ কৰে৷ ইজৰাইলৰ এই শক্তি বৃদ্ধিয়ে ইজিপ্টবাসীসকলৰ মনত ক্ৰমান্বয়ে শংকাৰ ভাৱ বৃদ্ধি কৰি তুলে আৰু তেঁওলোকক ক্ৰিতীদাস ৰূপে ব্যৱহাৰ কৰি, তেঁওলোকৰ ওপৰত কঠোৰ অত্যাচাৰ কৰি তেঁওলোকৰ জীৱন দুৰ্বিষ কৰি তোলে৷ ইজিপ্টত 430 বছৰৰ পিছত, মোচে তেঁওলোকক দাসত্বৰ এই বান্ধোনৰ পৰা মুক্ত কৰি তোলে আৰু লোহিত সাগৰ পাৰ কৰি আৰব দেশলৈ গমন কৰে৷ ইয়াতেই তেঁওলোকে চিনাই পৰ্বতত ঈশ্বৰৰ আইন সম্বন্ধে জানিবলৈ পাৰে৷

মোচেৰ সৈতে ইজিপ্ত ত্যাগ কৰা ইজৰালৰ বংশধৰসকলক, ঈশ্বৰৰ প্ৰতি বিশ্বাস কম হোৱাৰ বাবে প্ৰতিশ্ৰুত প্ৰদেশত প্ৰৱেশ কৰাৰ অনুমতি প্ৰদান কৰা নহ’ল৷ 40 বছৰলৈকে তেঁওলোকক মৰুভুমিত দিকভ্ৰান্ত হৈ ঘুৰি থাকিবলৈ বাধ্য কৰা হৈছিল, ইয়াৰ পিছতে ঈশ্বৰৰ প্ৰতি বিশ্বাস থকা এটা নতুন প্ৰজন্মই জচুয়াৰ সৈতে প্ৰতিশ্ৰুত ভূমিত প্ৰৱেশ কৰিছিল৷

প্ৰায় 400 বছৰ ধৰি, ইজৰাইলৰ 12 টা জাতিক বিচাৰকসকলে মোচেৰ আইন অনুসৰি শাসন কৰিছিল৷ যেতিয়াই তেঁওলোকে অন্য দেশৰ জাতিসকলৰ দৰে এজন ৰজাৰ দ্বাৰা শাসন বিচাৰিলে, তেতিয়া ঈশ্বৰৰ দ্বাৰা নিয়োগ কৰা চৌলক ৰজা ৰূপে নিয়োগ কৰিলে আৰু তেঁও 40 বছৰ শাসন কৰিলে, ইয়াৰ পিছতে ডেভিদে ৰজা ৰূপে 40 বছৰ শাসন কৰে আৰু ইয়াৰ পিছত ডেভিদৰ সন্তান চ’ল’মনে 40 বছৰৰ বাবে শাসন কৰে৷ চ’ল’মনৰ শাসন কালত, ইজৰাইল ইয়াৰ উন্নতিৰ চৰম শিখৰত উপনীত হয় আৰু প্ৰথমটো মন্দিৰ তেঁও নিৰ্মাণ কৰে৷ কিন্তু বৃদ্ধ বয়্সত চ’লমানৰ ঈশ্বৰৰ প্ৰতি বিশ্বাস নথকাৰ বাবে, ঈশ্বৰে ক’লে যে 10 টা উপজাতি তেঁওৰ সন্তানৰ শাসনত নাথাকিব৷

চ’লমানৰ মৃত্যুৰ পিছত, ইজৰাইল দুইভাগত বিভক্ত হয়, আৰু উত্তৰৰ দিশে 10 টা উপজাতিক অন্যান্য অত্যাচাৰী শাসকসকলে শাসন কৰে আৰু তেঁওলোক ডেভিদ আৰু চ’লমানৰ বংশধৰ নাছিল৷ উত্তৰ দিশে থকা ৰাজ্যৰ নাম ইজৰাইল নামেই ৰখা হৈছিল আৰু চামাৰিয়াক ইয়াৰ ৰাজধানী আছিল৷ দক্ষিণ প্ৰান্তত থকা সৰু ৰাজ্যক যিহুদা নামেৰে পৰিচিত আছিল আৰু জেৰুজালেম আছিল ইয়াৰ ৰাজধানী আৰু ইয়াত ডেভিদৰ বংশধৰসকলে ৰাজত্ব কৰিছিল৷ ৰাজাৰ দ্বিতীয় গ্ৰন্থ, ভাগ 16-ৰ আৰম্ভণিতে দক্ষিণ প্ৰান্তৰ ৰাজ্যক যিহুদা ৰাজত্বৰ নামৰে “ইহুদি” নামৰে পৰিচিত হৈ উঠে৷

ইজৰাইলৰ উত্তৰ প্ৰান্তত অৱস্থিত ৰাজ্যৰ শাসকসকলৰ অত্যাচাৰী আচৰণৰ বাবে, তেঁওলোকক উত্খাত কৰা হয় আৰু আচৰিয়ানসকলৰ দ্বাৰা বন্দী কৰা হয়৷ ইজৰাইলীসকল ঈশ্বৰ অবিশ্বাসী প্ৰদেশৰ সৈতে একত্ৰ হয় আৰু পুনৰাই এই প্ৰদেশ দখল কৰে৷ এই লোকসকলক সামাৰিটান ৰূপে জনা যায় উত্তৰ প্ৰান্তৰ ইজৰালৰ 10 টা উপজাতিয়ে কেতিয়াও তেঁওলোক প্ৰদেশ গঢ়ি তুলিব নোৱাৰিলে৷

যিহুদাৰ দক্ষিণ প্ৰান্তৰ ৰাজ্যও অৱশেষত অন্য দেৱতাৰ প্ৰতি আনুগত্য প্ৰদৰ্শনৰ শাস্তি হিচাবে বেবিল্যনৰ হাতত বন্দী হয় আৰু ইয়াৰ লগতে মন্দিৰসমূহ ধ্বংস কৰা হয়৷ কিন্তু 70 বছৰৰ পিছত, ইহুদিসকল যিহুদালৈ ঘুৰি আহে আৰু জেৰুজালেমত মন্দিৰ নিৰ্মাণ কৰে আৰু ডেভিদৰ বংশধৰসকলে ক্ৰমাগতভাৱে ৰাজত্ব কৰে৷

ৰীষ্টৰ সময়কালত, যিহুদাক যিহুদিয়াৰ নামেৰে পৰিচিত হয় আৰু ৰোমান সাম্ৰাজ্যৰ অধীনস্থ হয়৷ প্ৰভু যীশু আৰু তেঁওৰ শিষ্যসকলে ইহুদিসকলক নিজৰ ৰাজ্য ইজৰাইললৈ ঘুৰাই অনাৰ বাবে প্ৰস্তাব আগবঢ়ায়৷ প্ৰায় তিনি বছৰ পিছত, ইহুদিসকলে যীশুক ত্ৰানকৰ্তা ৰূপে মানি লবলৈ অস্বীকাৰ কৰে আৰু তেঁওক ক্ৰুচবিদ্ধ কৰিবৰ বাবে ৰোমান ৰাজ্যপালক ৰাজি কৰায়৷ 3 দিনৰ পিছত, তেঁও পুনৰ জীৱিত হৈ উঠে আৰু স্বৰ্গাৰোহন কৰে স্বৰ্গাধিপতি লৈ প্ৰস্থান কৰাৰ পূৰ্বে শিষ্যসকলৰ আগত জীৱিত ৰূপে দেখা দিলে৷

যীশুক ক্ৰচবিদ্ধ কৰাৰ কিছু সময়ৰ পূৰ্বে, তেঁও ভৱিষ্যতবাণী কৰে যে, তেঁওক অস্বীকাৰ কৰাৰ শাস্তি স্বৰূপে, জেৰুজালেম পুৰি ছৰখাৰ হৈ যাব, মন্দিৰ ধ্বংস হৈ যাব আৰু ইহুদীসকল বিক্ষিপ্ত হৈ সমস্ত জাতি বন্দী ৰূপে জীৱন যাপন কৰিব৷ 70 খ্ৰীষ্টাব্দত যেতিয়া ৰোমান সাম্ৰাজ্যই জেৰুজালেম জয় কৰে, তেতিয়া ভৱিষ্যতবাণী ফলিয়ায়৷ 1800 বছৰ ধৰি, সমগ্ৰ দেশতে বিক্ষিপ্ত হৈ বসবাস কৰে৷

ইয়াৰ পিছত, সেই অসাধ্য সাধন হয়৷ ইজৰাইল প্ৰতিস্থা হয়, আৰু ইহুদীসকলৰ প্ৰতিশ্ৰুত প্ৰদেশ ঘুৰাই পায়৷ অনেক খ্ৰীষ্টান ধৰ্মালম্বী লোকে, ইয়াক অলৌকিক ঘটনা আৰু ঈশ্বৰৰ আৰ্শিবাদৰূপে অভিহিত কৰে, কিন্তু ই ঈশ্বৰৰ আৰ্শিবাদ আছিল নে, নে অশুভ শক্তিৰ কাম আছিল? এই চলচিত্ৰখনেই ইয়াৰ উত্তৰ প্ৰদান কৰিছে৷

 

 

 

mouseover