Dr. Zakir Naik is a Liar! (Assamese Subtitles)

Video

September 18, 2015

ড. জাকিৰ নায়ক নামৰ মানুহ এজন আছে, আৰু তেওঁ হৈছে ইছলাম ধৰ্মৰ এক অন্যতম প্ৰখ্যাত

সমৰ্থক। মই ড. নায়কৰ চেনেলটো চালোঁ, আৰু তেওঁৰ এক সৰ্বাধিক জনপ্ৰিয় ভিডিঅ’ত

ক্লিক কৰিলোঁ, যি আছিল এজন যুৱকৰ বিষয়ে যি কোৰানৰ এক বিসঙ্গতিৰ বিষয়ে প্ৰশ্ন

কৰি আছিল। ই হৈছে এনে এক বিসঙ্গতি যাক মইও কোৰান পঢ়োতে লক্ষ্য কৰিছিলোঁ।

কোৰানৰ পৰা কেইটামান পদ পঢ়ি শুনাও আহক। চুৰা , পদ -ত, কোৰানে কৈছে,

“বিশ্বাসকৰ্তাসকল, যিসকলে ইহুদি, খ্ৰীষ্টান, আৰু চাবিয়ান ধৰ্ম অনুসৰণ কৰে, যিয়ে ঈশ্বৰত আৰু

অন্তিম দিনত বিশ্বাস কৰে আৰু যি সঠিক সেয়া কৰে তেওঁলোকক তেওঁলোকৰ ঈশ্বৰে পুৰস্কৃত কৰিব।

তেওঁলোকে ভয় বা অনুশোচনা কৰিবলগা একো নাই।”

গতিকে তেওঁ কৈছে, “যদি তুমি এজন খ্ৰীষ্টান, এজন ইহুদি, এজন চাবিয়ান – যেতিয়ালৈকে তুমি ঈশ্বৰত

বিশ্বাস কৰা, ভাল কাম কৰা, আৰু অন্তিম দিনত বিশ্বাস কৰা, ন্যায়ৰ দিনা তুমি ভয় কৰিবলগা

একো নাই,” কিন্তু চুৰা , পদ -ত, কোৱা হৈছে যে, “যি ইছলামৰ বাহিৰে আন ধৰ্ম

অনুসৰণ কৰে, ই তেওঁক ৰক্ষা নকৰে, আৰু বিশ্বত তেওঁ নিশ্চিতভাৱে হেৰুওৱাসকলৰ মাজৰ এজন হ’ব।

তাৰ পিছত পুনৰ, চুৰা , পদ -ত কোৱা হৈছে, “বিশ্বাসকৰ্তাসকলে, যিসকলে ইহুদি ধৰ্ম পালন কৰে,

চাবিয়ানসকল, আৰু খ্ৰীষ্টানসকলে, যিয়ে ঈশ্বৰত তথা অন্তিম দিনত বিশ্বাস কৰে আৰু সঠিক কাম

কৰে তেওঁ ভয় কৰিবলগা বা অনুশোচনা কৰিবলগা একো নাই।”

গতিকে কোনটো শুদ্ধ? দুই স্থানত, ই কয় যে যদি আপুনি খ্ৰীষ্টান, যদি আপুনি ইহুদি,

যদি তুমি চাবিয়ান, যেতিয়ালৈকে তুমি ঈশ্বৰত বিশ্বাস কৰা, সঠিক কাম কৰা, আৰু অন্তিম দিনত

বিশ্বাস কৰা, তুমি ঠিকে থাকিবা।” আন স্থানত কোৱা হৈছে, “চোৱা, যদি তুমি হজৰত মহম্মদত

বিশ্বাস নকৰা, যদি তুমি ইছলামৰ বাহিৰে আন কোনো ধৰ্ম পালন কৰা, তোমাৰ বিপদ হ’ব।”

গতিকে ড. নায়কক এই প্ৰশ্নটো কৰা হ’ল, আৰু তেওঁ মূলতে এক গোকোট মিছা কথা ক’লে।

তেওঁক কোৰানৰ এক গোকোট বিসঙ্গতিৰ বিষয়ে প্ৰশ্ন কৰা হ’ল, যি হৈছে এক মিছা ভৰ্তি গ্ৰন্থ,

আৰু তেওঁ এটা পোনপটীয়া মিছা কথা ক’লে। তেওঁ যুৱকজনক এনেদৰে ক’লে:

ড. জাকিৰ নায়ক, তেওঁ কোৰানৰ এটা পদ উল্লেখ কৰিছে, চুৰা অল বাকাৰা, অধ্যায় পদ ,

যে যিসকলে আল্লাত বিশ্বাস কৰে আৰু অন্তিম দিনত বিশ্বাস কৰে, তেওঁ ইহুদি হওঁক বা খ্ৰীষ্টান হওঁক

বা চাবিয়ান হওঁক, তেওঁলোকে ভয় কৰিব নালাগে আৰু তেওঁলোকে তেওঁলোকৰ পুৰস্কাৰ পাব।

একে ধৰণৰ কথা এষাৰ চুৰা অধ্যায় -ত পুনৰাবৃত্তি কৰা হৈছে, ভায়েকজনে সুধিছে যে ইয়াত

মহম্মদক বিশ্বাস কৰাৰ কথা কোৱা হোৱা নাই। যদি আপুনি এই ব্যাখ্যাৰ প্ৰসঙ্গটো পঢ়ে,

ভাতৃ, কি হ’ল, লোকসকল মহম্মদৰ ওচৰলৈ আহিলে আৰু ক’লে, “আমি ইহুদি আছিলোঁ, আমি

খ্ৰীষ্টান আছিলোঁ, আজি চাবিয়ান আছিলোঁ – ঈশ্বৰে আমাক ক্ষমা কৰিবনে? সেই প্ৰসঙ্গত উত্তৰটো দিয়া

হৈছিল, যে যেতিয়ালৈকে আপুনি আল্লা আৰু অন্তিম দিনত বিশ্বাস কৰে, তেনেহ’লে আপুনি যদি আগতে

ইহুদি বা খ্ৰীষ্টান বা চাবিয়াম আছিল, তথাপিও আপুনি পুৰষ্কাৰটো প্ৰাপ্ত কৰিব। ইয়াৰ অৰ্থ

এয়া নহয় যে যদি লোক এজনে যদি কয় যে তেওঁ খ্ৰীষ্টান, আৰু যি যিশুক ঈশ্বৰ বুলি বিশ্বাস কৰে,

তেওঁ জন্নাহলৈ (স্বৰ্গ) যাব পাৰিব। নহয়, ইয়াৰ অৰ্থ সেয়া নহয়।

ব্যক্তি: নহয়, মোৰ ওচৰত মোক সমৰ্থন কৰা কোৰানৰ দুটা উক্তি আছে, যে আপুনি যদি ঈশ্বৰত বিশ্বাস কৰে,

ভাল কাম কৰে, আৰু যদি অন্তিম দিনত বিশ্বাস কৰে, সেই দিনা আপুনি ভয় কৰিবলগা একো নাই।

ড. জাকিৰ নায়ক: টা উক্তি, কিন্তু সেই উক্তি দুটাৰ প্ৰসঙ্গ কি?

ব্যক্তি: হয়, সেয়া মই নাজানো।

ড. জাকিৰ নায়ক: উক্তোটোৰ প্ৰসঙ্গ হৈছে যে যেতিয়া লোকসকল হজৰত মহম্মদৰ (তেওঁ শান্তি প্ৰাপ্ত কৰক)

ওচৰলৈ আহিছিল, আৰু তেওঁলোকে ইছলাম গ্ৰহণ কৰিব বিচাৰিছিল, তেওঁলোকে কৈছিল যে, “আমি আগতে ইহুদি

আছিলোঁ, খ্ৰীষ্টান আছিলোঁ”। তেতিয়া সেই উক্তিটো কোৱা হৈছে.... এই প্ৰসঙ্গটো গুৰুত্বপূৰ্ব।

এয়া এক পোনপটিয়া মিছা। ড. জাকিৰ নায়কে কথা পতা সেই যুৱকজনে এই উক্তিবোৰৰ প্ৰসঙ্গ

জনা নাছিল, কিন্তু মই প্ৰসঙ্গটো জানো কিয়নো মই মোৰ হাতত কোৰান এখন

লৈ আছোঁ, আৰু আপুনি খ্ৰীষ্টান, ইহুদি, চাবিয়ানৰ বিষয়ে এই প্ৰসঙ্গবোৰ পঢ়িব পাৰে,

আৰু ইয়াত এনে কোনো প্ৰসঙ্গ নাই। “প্ৰসঙ্গ” শব্দটোৰ অৰ্থ হৈছে যি ঠিক আগত বা

বা পিছত আছে। আপুনি এয়া পঢ়ি চাব পাৰে আৰু ইয়াত এনে কোনো কথা নাই যে এই লোকসকলক

তেওঁৰ ওচৰলৈ আহিছিল আৰু তেওঁলোকৰ আগৰ ধৰ্মৰ বিষয়ে প্ৰশ্ন কৰিছিল। সেয়া এক গোকোট

মিছা কথা। ড. জাকিৰ নায়কে কোৰানৰ বিষয়ে লোকসকলৰ অজ্ঞানতাৰ ওপৰত নিৰ্ভৰ কৰিছে।

তেওঁ তাত থকা সকলো মুছলাম লোকৰ পৰা বৃহৎ প্ৰশংসা পাইছিল, কিন্তু এনে কোনো প্ৰসঙ্গ নাই।

লগতে, ইয়াত কোৱা নাই যে লোকসকল আগতে খ্ৰীষ্টান আছিল, ইয়াত স্পষ্টভাৱে কোৱা হৈছে

“যিসকলে ইহুদি ধৰ্ম পালন কৰে”, বৰ্তমান কাল, খ্ৰীষ্টান আৰু চাবিয়ান, যিয়ে ঈশ্বৰত আৰু অন্তিম

দিনত বিশ্বাস কৰে আৰু ভাল কাম কৰে তেওঁক তেওঁলোকৰ ঈশ্বৰে পুৰস্কৃত কৰিব, তেওঁলোকে ভয়

বা অনুশোচনা কৰিবলগা একো নাই”। ইয়াত যিসকল ইহুদি আছিল, খ্ৰীষ্টান আছিল বুলি কোৱা হোৱা নাই।

এয়া এক একেবাৰে মিছা কথা, আৰু ড. নায়ক হৈছে এজন মিছলীয়া। এই গ্ৰন্থখন মিছাৰে ভৰ্তি,

এই কোৰানখন, সেয়েহে নিশ্চিতভাৱে মিছাৰে ভৰ্তি গ্ৰন্থ এখনৰ পক্ষ ৰাখিবলৈ, আপুনি মিছা ক’ব লাগিব,

আৰু ড. নায়কে সেয়াই কৰি ফুৰিছে, মই এইমাত্ৰ দেখুৱাই দিয়াৰ দৰে।

আপুনি নিজে এয়া কোৰানত পঢ়ি চাওঁক আৰু তেওঁ কোৱা প্ৰসঙ্গটো ইয়াত আছেনে নাই চাওঁক।

এয়া নাই। এই সত্যটো তাতেই আছে, পৱিত্ৰ বাইবেল, যিশু খ্ৰীষ্ট হৈছে পথ, সত্য,

আৰু জীৱন। কোনো ব্যক্তি পিতৃৰ ওচৰলৈ নাহে, কেৱল তেওঁৰ বাহিৰে।

 

 

 

mouseover